মাজুলীঃ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পত চলিছে ভয়ংকৰ দুৰ্নীতি।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপতে প্ৰশাসনৰ পৰ্যবেক্ষণ অবিহনে ঠিকাদাৰে চলাই গৈছে আসোঁৱাহপূৰ্ণ কাম।
মাজুলীত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত চলিছে এই দুৰ্নীতি।
ঠিকাদাৰ মুন্না আহমেদ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
লোকনিৰ্মাণ বিভাগৰ অধীনত চলা প্ৰকল্পটোৰ দুৰ্নীতিত বহু বিষয়া-কৰ্মচাৰী জড়িত থকাৰো সন্দেহ স্পষ্ট হৈ পৰিছে।
২০১৯ চনৰ অক্টোবৰ মাহতে সম্পূৰ্ণ কৰিব লগা প্ৰকল্পটোত পাঁচবছৰত ৪০ শতাংশ কামো আগবঢ়া নাই।
আৰু পঢ়কঃচৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
বিজ্ঞানসন্মত প্ৰযুক্তিৰ অবিহনে নিম্নমাণৰ সামগ্ৰী ব্যৱহাৰৰ সত্যতা পোহৰলৈ আহিছে।
ইতিমধ্যে মিনি সচিবালয়ৰ বাবে আবন্টিত ৫০কোটি টকাৰ ১৬কোটি টকা ঠিকাদাৰে হৰলুকী কৰাৰ অভিযোগো পোহৰলৈ আহিছে।
এতিয়া এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মুন্নাক নাকি লগাব কোনে?