মাজুলীঃ পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিছে মাজুলী- নিমাতী ঘাট ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে আজি বানে বুৰাই পেলালে মাজুলী কমলাবৰী ফেৰী ঘাট। ফলত বানৰ কবলত বন্ধ হৈ পৰে মাজুলী- নিমাতী ফেৰী চলাচল।
লগতে পঢ়কঃSCRUB TYPHUS ত আক্ৰান্ত সৰুসজাইৰ DRDO ক’ভিড হাস্পতালত
কোভিডৰ বাবে প্ৰায় ৪ মাহ ধৰি বন্ধ হৈ আছিল ফেৰী চলাচল যাৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছিল মাজুলী বাসী ৰাইজৰ।
তিনি মাহৰ অন্তত ৫০ শতাংশ যাত্ৰীয়ে ফেৰী সমূহ চলিবলৈ আৰম্ভ কৰিছিল যদিও তিনিদিন চলিয়ে বানৰ বাবে পুনৰ বন্ধ হৈ পৰিছে ফেৰী সেৱা