যোৰহাট: মাজুলীৰ ফেৰীঘাটত এতিয়াও শামকটা নাই উত্তপ্ত পৰিস্থিতি। চৰকাৰী ফেৰীৰে একমাত্ৰ যাতায়তৰ ব্যবস্থা কৰাৰ পিছত এতিয়া নিশা ৩ টা বজাৰ পৰা খাপ পিটি থাকিও টিকট নাপায় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। কোনোবা আহিছে চিকিৎসালয়লৈ, কোনোবা আহিছে পৰীক্ষা দিবলৈ। কিন্তু ফেৰীৰ অভাবৰ বাবেই পাৰাপাৰ হব পৰা নাই ৰাইজ ।
যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছতেই চৰকাৰে নাৱৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰে৷ একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷ ফলত দিনটোত ৪০০ যাত্রীহে ইপাৰৰ পৰা সিপাৰলৈ যাব পৰাৰ ব্যৱস্থা হৈছে৷
ইয়াৰ ফলত জনসাধাৰণে পুৱা চাৰি বজাৰ পৰাই ৰ’পেক্সৰ বাবে দীঘলীয়া শাৰী পাতিবলগা হয়৷ আনকি বিয়লিৰ ভাগত নিমাতীঘাটলৈ আহিবলগা যাত্রীয়ে ৰ’পেক্সৰ টিকট নাপাই ওৰেনিশা মাজুলীৰ পাৰঘাটতেই অনাহাৰে–উজাগৰে, মহ–ডাঁহৰ কামোৰ খাই কটাবলগীয়া হোৱা ঘটনাও হৈছে নিমাতী কমলাবাৰী অফলামুখ ঘাটত ৷ একেই অৱস্থা দেওবাৰৰ দিনটোতো আছিল ৷
শেহতীয়াকৈ মাজুলীত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ আশংকা আহি পৰিছে। যিহেতু যোৰহাটৰ পৰাই প্ৰায়বোৰ অত্যাৱশ্যকীয় সামগ্ৰী মাজুলীলৈ যায়। যোৱা ৬ দিন ধৰি মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী নিব পৰা নাই ব্যৱসায়ীসকলে। এই সম্পৰ্কে জিলা প্ৰশাসনৰ ফালৰ পৰাও কোনো ধৰণৰ ব্যবস্থা লোৱাৰ বিষয়েও প্ৰকাশ কৰা নাই ।
নিমাতীঘাট আৰু মাজুলীত উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পর্কত ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে যাত্রীৰ চাহিদা পূৰণ কৰিবলৈ আৰু দুখন জাহাজ নিমাতীঘাটলৈ অনাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ গুৱাহাটীৰ পৰা আহিবলগীয়া এই জাহাজ দুখন অহা দুই–তিনি দিনৰ ভিতৰত নিমাতীঘাট পোৱাৰ আশা কৰা হৈছে৷
লগতে পঢ়ক সুৰাৰ ৰাগীত পিতৃক কোঠাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা পুত্ৰৰ
তেতিয়ালৈকে যাত্ৰীসকলে হাহাকাৰ কৰিয়েই সময় পাৰ কৰিব লাগিব ৷ কাৰণ জল পৰিবহণ বিভাগৰ বিকল্প ব্যবস্থা একোৱেই নাই৷ আনহাতে মাজুলীৰ পৰা জলপথ স্পর্শ নকৰাকৈ ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহাৰ স্থলপথ আছে যদিও সেই পথেৰেও গুৱাহাটীলৈ অহাৰ পর্যাপ্ত বাছ সেৱা নাই ৷