মাজুলীঃ মাজুলীত এগৰাকী পিতৃৰ হিয়া ভগা কান্দোন। পুত্ৰৰ বাবে সহায় ভিক্ষা দুৰ্ভগীয়া পিতৃৰ।

মাজুলী চিকাৰী গাঁৱৰ ধৰ্মাকান্ত গাম নামৰ লোকজনৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা।

কৰ্ম সূত্ৰে নিজ বৃদ্ধ পিতৃ- মাতৃক এৰি তিনি বছৰ পূৰ্বে বাংগালোৰত কৰ্ম সংস্থাপন বিচাৰি গৈছিল তেওঁলোকৰ পুত্ৰ লক্ষ্মণ গামে।

এতিয়া তাতেই এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন -মৃত্যুৰ লগত যুঁজি আছে লক্ষ্মণে।

পুত্ৰৰ চিকিৎসাৰ বাবে কৃষক পিতৃয়ে গোহালিৰ গৰু- গাই বিক্ৰি কৰাৰ লগতে খেতিৰ সমস্ত মাটি বিক্ৰি কৰে। অৱশেষত বাকী ৰৈছেগৈ নিজৰ থকা বাসগৃহটো।

এতিয়া পুত্ৰৰ শোকত ভাগি পৰিছে বৃদ্ধজন। এই দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সহায় কৰিবলৈ চৰকাৰ প্ৰশাসনৰ লগতে কোনো হৃদয়ৱান লোকক আহ্বান জনাইছে স্থানীয় লোকে।

আৰু পঢ়কঃপথৰ মাজত পুখুৰীসদৃশ গাঁত!গোৰেশ্বৰৰ নিকটৱৰ্তী দৰংজিলাৰ আন্ধেৰীঘাটৰ বাট-পথৰ দুৰৱস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply