YouTube video

মাজুলীঃ মাজুলীৰ তিনিটা কণমানি এতিয়া দিশহাৰা হৈ পৰিছে।

পিতৃ-মাতৃক হেৰুৱাই দিক-বিদিক হেৰুৱাইছে তিনিটা কণমানিয়ে।

৫ বছৰৰ পূৰ্বেই তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস দেওবাৰে মাতৃও কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।

২০১৫ চনত যেতিয়া পিতৃ ঢুকাইছিল তেতিয়া দুই যমজ ভগ্নী মাতৃৰ গৰ্ভতে আছিল।

মাতৃৰ সৈতে জৰাজীৰ্ণ ঘৰত থাকি ডাঙৰ হৈছিল তিনিটা শিশু।

আৰু পঢ়কঃশক্তি বিভাগৰ তিনিওটা কোম্পানীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

ডাঙৰ সন্তানটোৰ বয়স হৈছে মাত্ৰ ১২ বছৰ আৰু যমজ সন্তানদ্বয়ৰ বয়স ৬বছৰ।

পিতৃ-মাতৃক হেৰুৱাই এই সন্তান কেইটা এতিয়া ঘাট-মাউৰা। কেনেকৈ ডাঙৰ-দীঘল হ’ব তিনি সন্তান।

কণমানি কেইটাৰ ভৱিষ্যতলৈ চাই মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্য়মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাক সহায় বিচাৰি আহ্বান জনাইছে স্থানীয় বাসিন্দাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply