নগাঁওঃ জামিন লাভ কৰিলে ৰাণা প’গাগে। নগাঁও সদৰ থানাত তৰা গোচৰত জামিন পালে প’গাগে৷ জামিন লাভৰ পাছতে পুনৰ মাজুলী আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰি মাজুলীলৈ লৈ যায় প্ৰৱঞ্চক ৰাণা প’গাগক৷

উল্লেখ্য যে, ONGCত চাকৰি কৰাৰ ভুৱা পৰিচয়ৰে বিভিন্নজনক ঠিকা আৱন্টন দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল ৰাণা প’গাগে৷ ইয়াৰ পিছতে বিতৰ্কিত SI জোনমনি ৰাভাই ভাবী স্বামী প্ৰৱঞ্চক ৰাণা প’গাগৰ বিৰুদ্ধে দিয়া এজাহাৰৰ ভিত্তিত ৫২৭/২২ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে ।

নগাঁও আদালতে জামিন দিছিল প্ৰৱঞ্চক ৰাণা প’গাগক। নগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰত জামিন দিলে যদিও, দেওবাৰে নগাঁও বিশেষ কাৰাগাৰৰ পৰা আন এটা গোচৰত প্ৰৱঞ্চক ৰাণাক গ্ৰেপ্তাৰ কৰে মাজুলী আৰক্ষীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply