মাজুলীঃ মাজুলীৰ দেওদিয়াতি গাঁৱত আৰক্ষীক আক্ৰমণ। দাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই বাবুল হাজৰিকা নামৰ লোকজনে।
জানিব পৰা মতে, দেওদিয়াটি গাঁৱৰ বাবুল হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছিল।
সেই গোচৰৰ ভিত্তিতে আৰক্ষীৰ এটা দলে বাবুল হাজৰিকাক আটক কৰিবলৈ নিশাৰ ভাগত বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হয়।
আৰু পঢ়কঃপুনৰ কাৰ্বি আংলংত জব্দ প্ৰায় চাৰি কোটি টকা মূল্যৰ ড্ৰাগছ
তেতিয়াই বাবুল হাজৰিকাই দা লৈ আক্ৰমণ কৰে আৰক্ষীৰ দলটোক।
এই ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে ৪ জন আৰক্ষী। আহত আৰক্ষী কেইজন ৰাজেন মিলি, ৰূপম মিলি, মৃদুল দাস, উৎপল দাস।
এই মূহুৰ্ত লৈকে পলাতক হৈ আছে বাবুল হাজৰিকা । আৰক্ষীয়ে বাবুল হাজৰিকাক কৰায়ত্ত কৰিবলৈ তদন্ত কৰি আছে।