মাজুলীঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মাজুলীৰ সদৰ গড়মূৰত উত্তপ্ত পৰিস্থিতি।

নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে ভাঙিলে ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মাজুলীৰ জিলা সদৰ গড়মূৰত উত্তপ্ত পৰিস্থিতি।

ঘটনা অনুসৰি গড়মূৰ আৰক্ষী থানাত কৰ্মৰত ইউ বি কনিষ্টবল তথা প্ৰাক্তন সেনা জোৱান ধীৰেণ দত্তই গড়মূৰৰ মিন্টু দাস নামৰ এজন সাধাৰণ ব্যৱসায়ীৰ ফাষ্টফুডৰ দোকানত কাঠৰ তুলেৰে মৰিয়াই গ্লাছ ভাঙি অভাৱনীয় পৰিৱেশ সৃষ্টি কৰাৰ পাছতে ক্ষুদ্ৰ ব্যৱসায়ী সকলে আৰক্ষী কনিষ্টবল জনৰ শাস্তিৰ বাবে দাবী জনাই পৰিৱেশ উত্তপ্ত কৰি তোলে।

লগতে পঢ়কঃজামুগুৰিহাটৰ নেৱাৰবস্তীত অজগৰ সাপ উদ্ধাৰ

কনিষ্টবল জনক ব্যৱসায়ী সকলৰ মাজৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই থানালৈ লৈ যায় যদিও অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদকে ধৰি ব্যৱসায়ী সকলে আৰক্ষী জনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

ৰাজ্য চৰকাৰে যি সময়ত আৰক্ষী বিভাগৰ উত্তৰণৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে বিপৰীতে একাংশ আৰক্ষীয়ে সমগ্ৰ বিভাগটোকে বদনাম কৰাত উঠি পৰি লাগিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply