মাজুলীঃ সোমবাৰে মাজুলীত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
মাজুলী কমলাবাৰী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় সন্মুখত শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
১৬জুলাইত অসম চৰকাৰৰ বাজেটত অংগনবাড়ীকৰ্মী আৰু সহায়িকা সকলৰ মাননি বৃদ্ধিৰ বিষয়ে চৰকাৰে একো উল্লেখ নকৰাত অংগনবাড়ীকৰ্মী আৰু সহায়িকা সকলৰ মজুৰি বৃদ্ধি আৰু পেঞ্চনৰ দাবীত অসম ৰাজ্য়িক অংগনবাড়ীকৰ্মী আৰু সহায়িকা সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে।
পেন্সনৰ ব্য়ৱস্থা কাৰ্যকৰী নোহোৱালৈকে অংগনবাড়ী কৰ্মীক ৫লাখ আৰু সহায়িকাক ৩লাখ টকাৰ অৱসৰকালীন সাহাৰ্য্য প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়কঃবাক্সাত জলসিঞ্চনৰ নামত কৃষকৰ দুৰ্ভোগ