মাজুলীঃ অসমৰ কলা-সংস্কৃতি, সভ্যতাক হানি কৰি ধৰ্ষণৰ দৰে জঘন্য কাণ্ডৰে সত্ৰনগৰী মাজুলীৰ পবিত্ৰতাক নষ্ট কৰিলে এজন যুৱকে।
মাজুলীৰ সেলেক গাঁৱত সংঘটিত হ’ল ধৰ্ষণ কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী ১৪ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰিলে সুনীল পাটীৰ নামৰ এজন যুৱকে।
লগতে পঢ়কঃযোগ প্ৰতিযোগিতাত ধনশিৰিৰ খেলুৱৈৰ সাফল্য
নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত গড়মূৰ থানাৰ আৰক্ষী উপস্থিত হৈ যুৱক জনক আটক কৰে। আৰক্ষীৰ আগত যুৱকজনে এই সন্দৰ্ভত স্বীকাৰ কৰে।
উল্লেখ্য যে, অভিযুক্ত যুৱকজনে কেইবাদিন ধৰি পৰিয়ালটোত বিজুলী সংযোগৰ কাম কৰি আহিছিল। ঘৰত কোনো নথকাৰ সুযোগতে এই অমানৱীয় কাণ্ড সংঘটিত কৰে।