মাজুলীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটকৰ আধাৰত মাজুলীৰ সত্ৰ সমূহত শতবৰ্ষৰ আগৰ পৰাই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰি আহিছে ৷
কিন্তু শেহতীয়াকৈ মৰিগাঁৱৰ বৰঙাবাৰীত আয়োজন কৰা ৰাস উদযাপনস্থলীত ৰাসৰ নামত আধ্যাত্মিক তত্ব আৰু গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক ভেঙুচালি কৰা কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে ৷
লগতে পঢ়কঃনাজিৰাৰ চণ্টক চেংধৰাত ধান দোৱা কাৰ্য্য়সূচী
দিনক দিনে ৰাজ্যত গুৰুজনাৰ অমৰ সৃষ্টিৰাজী ভাওনা, ৰাস, বৰগীত, সত্ৰীয়া নৃত্য, সংস্কৃতি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বৃদ্ধি হৈ অহা বহুৱালী, বিভ্ৰান্তিকৰ দিশ সমূহত ৰাইজক চকু নজৰ ৰখাৰ আহ্বান জনাইছে সচেতন মহলে।