কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা তিনিটা গঁড়ে সন্ত্ৰাস সৃষ্টি কৰিছে মাজুলীত।
মাজুলীৰ চৰ চাপৰিত বিগত কেইবাদিন ধৰি বাহৰ পতা তিনিটাকৈ গঁড়ক গুলী ফুটাই কাজিৰঙা লৈ ঘূৰাই পঠোৱাৰ চেষ্টা বন কৰ্মীৰ।
গঁড় কেইটাই মাজুলীৰ কাৰ্তিক চাপৰি, দক্ষিণ মাজুলীত মুক্ত বিচৰণ কৰি আছে।
লগতে পঢ়কঃগাঠীৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ
বন বিভাগে দিনে নিশাই গঁড় কেইটাক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ উভতাই পঠিয়াবলৈ ব্যস্ত হৈ পৰিছে
নিশা বন কৰ্মীয়ে গুলী ফুটাই চাপৰিৰ পৰা কাজিৰঙা লৈ উভতাই পঠিয়াবলৈ চেষ্টা চলায়।