মাজুলীঃ অসমীয়া জাতিৰ প্ৰাণ, সভ্যতা সংস্কৃতি আৰু সমাজ গঢ়োতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি।
গুৰু জনাৰ তিথি উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলী।
লগতে পঢ়কঃশিৱসাগৰ আৰু সোণাৰিতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস উদযাপন
মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, কমলাবাৰী সত্ৰ, মধ্য কমলাবাৰী সত্ৰ আদিকে ধৰি প্ৰতিখন সত্ৰত পালন কৰা হৈছে গুৰু জনাৰ পবিত্ৰ তিথি।
পূৱাৰ পৰাই ভক্তি ৰসত বুৰ গৈছে মাজুলী । ইফালে মাজুলীৰ প্ৰতিখন গাঁৱৰ নামঘৰে- নামঘৰে আয়তী -যুৱতী সকলে গুৰু জনালৈ ভক্তিৰে সেৱা জনাই নাম-কীৰ্তন কৰে।