মাজুলীঃ প্ৰাক্তণ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পাছত আজি প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত হয় ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকী মাজুলীত আহি উপস্থিত হোৱাৰ পাছতে বিজেপি দল আৰু গণশক্তি আৰু অসম গণপৰিষদ দলৰ কৰ্মী সকলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক বিপুল সম্বৰ্ধনা জনায়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মাজুলীৰ বিভিন্ন প্ৰান্তৰ জনতাই ব্যাপক ভিৰ কৰাৰ লগতে ক’ভিড প্ৰ’টকলৰ সকলো নীতি ভংগ কৰা পৰিলক্ষিত হয়। সভাত গোট খোৱা সহস্ৰাধিক লোকৰ গৰিষ্ঠ সংখ্যকেই মাক্স পৰিধান নকৰাটো অত্যন্ত স্পৰ্শকাতৰ বিষয় হৈ পৰিছে।

লগতে পঢ়কঃজলসম্পদ বিভাগৰ সকলো কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপন কৰিব বিভাগে

আনহাতে মাজুলী বিধান সভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সভালৈ যোৱা সোণোৱালৰ সমষ্টিত উপনিৰ্বাচন হোৱাটো খাটাং হৈ পৰাত উপ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত মাজুলীলৈ সোণোৱালৰ আগমনৰ কথাই বিশেষ চৰ্চা লাভ কৰিছে।

সভাত প্ৰাক্তণ মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে,লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিভিন্ন নেতা-কৰ্মীয়ে অংশ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply