মাজুলীঃ ৰাজ্য জোকাৰি যোৱা নিমাতীঘাটৰ সমীপত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন। এই দুৰ্ঘটনাৰ পিছতেই যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰা তথা সুচল যাতায়তৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল-সংগঠনে।
এই ভয়াবহ দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দীৰ্ঘদিনে বন্ধ হৈ থকা পৰিবহণ বিভাগৰ অত্যাধুনিক ৰ’-পেক্স ফেৰী সেৱা মুকলি কৰি দিয়ে জল পৰিবহণ বিভাগে। ইয়াৰ পূৰ্বে এক ইঞ্জিনযুক্ত নাৱৰে বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছিল মাজুলীবাসীয়ে।
দুৰ্ঘটনাৰ পিছতেই চৰকাৰে এটা ইঞ্জিনযুক্ত নাও চলাচল বন্ধ কৰি দুটা ইঞ্জিনযুক্ত নাও চলাচল কৰাৰ পৰামৰ্শ দিয়ে। বৰ্তমান মাজুলীত থকা ৫খন নাওত মেৰাইন ইঞ্জিন লগোৱাৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে, মাজুলীত ৰাস উৎসৱত ৰাইজৰ সমস্যা সমাধানৰ বাবে পুনৰ দুখন নতুন জাহাজৰ ব্যৱস্থা কৰিছে চৰকাৰে। মাজুলীত মুঠ ১০খন জাহাজ আছে।
প্ৰতিখন জাহাজত প্ৰতিগৰাকী যাত্ৰীৰ বাবে লাইফ জেকেটৰ ব্যৱস্থা থাকিব।
ম’বাইল এপ’ৰ জৰিয়তে জাহাজৰ টিকট ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছে মাজুলীত। ইয়াৰ পৰা ২৬লাখ টকা ৰাজহ সংগ্ৰহ হৈছে বুলি জানিব পৰা গৈছে।