মাজুলীঃ মাজুলী নিমাতী ঘাটত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
পুৱা নিমাতী ঘাটৰ পৰা মাজুলী কমলাবাৰী ফেৰী ঘাটলৈ আহি থকা ডিগাৰু নামৰ ফেৰী খনৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এজন ব্যক্তিয়ে।
ফেৰীৰ ভিতৰত চিন্তিত অৱস্থাত ব্যক্তিজনক প্ৰত্যক্ষ কৰা বুলি অন্য়যাত্ৰীয়ে উল্লেখ কৰে।
লগতে পঢ়কঃমূল্য বৃদ্ধি হ্ৰাসৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ
প্ৰায় পঞ্চাশ উৰ্দ্ধৰ লোকজনৰ পিন্ধনত আছিল ধুতি -কুৰ্তা আৰু ডিঙিত গামোচা।
এই মূহুৰ্তলৈকে চিনাক্ত হোৱা নাই ব্যক্তিজন।
বৰ্তমানলৈকে ব্যক্তিজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRF বাহিনীয়ে।