মাজুলীঃ মাজুলীৰ বৰমুকলি গাঁৱত নৱ বিবাহিতা মহিলাৰ আত্মহত্যা।
নিহত মহিলাগৰাকীৰ নাম পাহি বৰা ।
ছয় মাহৰ পূৰ্বে পাহি বৰা বৰমুকলি গাঁৱৰ অপূৰ্ব দাস নামৰ যুৱকজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।
বিবাহৰ পাছৰ পৰাই পাহিক স্বামীৰ পৰিয়ালে মানসিক আৰু শাৰীৰিকভাৱে চলাইছিল অত্যাচাৰ।
এনে অত্যাচাৰ সহিব নোৱাৰি বোৱাৰী গৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
অপূৰ্ব দাসৰ বিৰুদ্ধে বালিচাপৰি আৰক্ষী চকীত পাহি বৰাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে।