মাজুলীঃ মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কান্দোনৰ ৰোল। মন্ত্ৰীৰ সন্মুখতে হিয়া ঢাকুৰি কান্দিলে স্বামী হাৰা মহিলাই
মহিলাৰ উচুপনিত আবেগিক হৈ পৰিল মন্ত্ৰী বিমল বৰা আৰু জিলা উপায়ুক্ত বিক্ৰম কৈৰী৷
ক’ভিড১৯ত স্বামীক হেৰুৱাই কান্দোনত ভাগি পৰা এই চাৰি গৰাকী মহিলাক সান্তনা দিছে মন্ত্ৰী বিমল বৰা আৰু জিলা উপায়ুক্তই৷ এই শোকাকুল পৰিৱেশে অন্তৰ চুই গল উপায়ুক্তৰ সভাকক্ষত উপস্থিত থকা বহুজনৰ হৃদয় ৷
ক’ভিড-১৯ৰ ফলত স্বামীহাৰা হোৱা মহিলাসকলৰ মৰ্মবেদনা উপলব্ধি কৰি তেখেতসকলৰ সামাজিক আৰু আর্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্য়ৰে ক’ভিডত স্বামীক হেৰুওৱা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি’ৰ অধীনত মাজুলী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ ৪ গৰাকী মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহায্যৰ চেক আগবঢ়াই মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই৷
নিজৰ আপোনজনক হেৰুওৱাৰ এই কৰুণ ক্ষণত পৰিয়ালটোক আর্থিকভাৱে চলাই নিয়াত এই কিঞ্চিত সহযোগিতাই কিছু হ’লেও সকাহ দিব বুলি আশা কৰে মন্ত্ৰী বিমল বৰাই৷