মাজুলীক অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাবে গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে চলাই যোৱা বিভিন্ন কাম কাজৰ বুজ লয় মন্ত্ৰী বিমল বৰাই । আগন্তুক দিনত ব্যতিক্ৰমী পৰিকল্পনাৰে নদীদ্বীপ জিলাখনৰ পৰ্যটনৰ সম্ভাৱনীয়তাক অধিক বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰাৰ কথাও ভ্ৰমণ কালত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।


নদীদ্বীপ মাজুলীৰ প্ৰধান প্ৰৱেশ পথ কমলাবাৰী ফেৰী ঘাটত ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত নিৰ্মাণ হৈ থকা অত্যাধুনিক ‘উড্ হাট’ (Wood Hut) প্ৰকল্পস্থলীত উপস্থিত হৈ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লওঁ। ‘স্বদেশ দৰ্শন ঐতিহ্য আঁচনি’ৰ অধীনত ‘কমলাবাৰী ঘাট উন্নয়ন’ শিতানত প্ৰায় ৩৩.৭২ কোটি টকা ব্যয়েৰে সুদূৰ কানাডাৰ পৰা অনা অত্যাধুনিক কাঠৰ প্ৰযুক্তিৰে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। আগন্তুক ৰাস মহোৎসৱৰ পূৰ্বেই প্ৰকল্পটোৰ বাকী থকা কামসমূহ সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

মাজুলীৰ উড হাট প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ


পৰ্যটক সহায়তা কেন্দ্ৰ, লগ হাট, ৱাচ টাৱাৰ, কেফেটেৰিয়া, উন্নত প্ৰযুক্তিৰ নাও, নিমাতী ঘাটৰ পৰা মাজুলীলৈ ক্ৰুজ সেৱা, ছ’লাৰ বৈদ্যুতিকৰণ আদি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা-সুবিধাযুক্ত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত মাজুলীৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰত এক নৱতম সংযোজন হিচাপে বিবেচিত হ’ব। লগতে, দেশ-বিদেশৰপৰা অহা পৰ্যটকসকলক উন্নত সেৱা যোগান ধৰাত এক উল্লেখযোগ্য ভূমিকা পালনেৰে নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হ’ব। ভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে যোৰহাট আৰু মাজুলী সংযোগী দলং হ’ব বুলি দৃঢ় ভাবে মতপোষণ কৰে ।

লগতে পঢ়ক মূল্যবৃদ্ধিক লৈ কংগ্ৰেছৰ প্ৰতিবাদ, আৰক্ষীয়ে আটক কৰে নেতৃত্বক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply