হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত জিলা প্ৰশাসনৰ উদ্যোগত আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাংবাদিক, জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক জৰুৰী সভা অনুষ্ঠিত হয়। জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাসৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা সভাকক্ষক এই জৰুৰী সভা অনুষ্ঠিত হয়।
সভাখনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা চমুকৈ এএছডিএমএৰ যোগাযোগ বিশেষজ্ঞ অভিস্নান ৰাজখোৱা, জিলা প্ৰকল্প বিষয়া মঞ্জিত মহন্ত, জিলা কৰ্যবাহী দণ্ডাধীশ বিষয়া দেৱাশিশ বৰা, মানকাচৰ ৰাজহ চক্ৰ বিষয়া শ্বাহানাজ ইকবালৰ লগতে জিলাখনৰ ভালে সংখ্যাক সাংবাদিক উপস্থিত থাকে। এই সভাখনৰ জৰিয়তে বান পৰিস্থিতিৰ সময়ত জিলাখনৰ ক’ত কেনে ধৰণৰ সমস্যা আহিব পাৰে সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
আগন্তক বান পৰিস্থিতিৰ সৈতে মুকাবিলা কৰাৰ বাবে প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে বুলি সাংবাদিক সকলক অৱগত কৰে অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাসে। তদুপৰি বানৰ সময়ত ক্ষতিগ্ৰস্থ হোৱা লোক সকলক কিদৰে আৰ্থিক সহায়-সহযোগিতা কৰিব পাৰি সেই সম্পৰ্কেও বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
আৰু পঢ়কঃ তামুলপুৰৰ সাপ্তাহিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰ’টকল
মন কৰিবলগীয়া বিষয় যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুই বিষয়া এই সভাখনত অংশগ্ৰহণ কৰাৰ পিছত খাৰুৱাবানন্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাটশিঙিমাৰী মহাবিদ্যালয় পৰিদৰ্শন কৰি বানৰ সময়ত এই দুই শিক্ষানুষ্ঠানক আশ্ৰয় শিবিৰ স্থাপন কৰাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰে। বানৰ সময়ত জিলাখনত সৃষ্টি হোৱা সমস্যাখিনি অসম চৰকাৰক অৱগত কৰি সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হ’ব বুলিও এই সভাখনত আলোচনা কৰা হয়।