দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সংঘটিত হৈছে এক শোকবাহ দুর্ঘটনা। জিলাখনৰ কালো নদীত সংঘটিত হোৱা এক নাওঁ দুর্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। স্থানীয় লোকে নদীৰ বুকুৰ পৰা এটি শিশুসহ কেইবাজনো যাত্ৰীক উদ্ধাৰ কৰে। মানকাচৰ থানাৰ অন্তৰ্গত কালো নদীত শনিবাৰে বিয়লি প্ৰায় ২.৩০ মান বজাত এক শোকবাহ নাওঁ দুর্ঘটনাত এজন লোক নিহত হৈছে। দুর্ঘটনাটোত আন কেইবাজনো লোক আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে বুলিও জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত বৰষুণ হোৱাৰ ফলত গাৰো পাহাৰৰ পৰা পানীৰ ঢল কালো নদীত নামি অহাত কালো নদীত প্ৰবল সোত বৈ থকা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত প্ৰতিদিনৰ দৰে শনিবাৰেও বিয়লি প্ৰায় ২.৩০ মান বজাত টুলুঙা নাওঁ এখনেৰে মটৰ চাইকেলসহ কেইবাজনীয়া যাত্ৰীৰ দল এটা কাউৱাহাগীৰ পৰা কুটিৰঘাটলৈ গৈ থকা অৱস্থাত নাওঁখন দুর্ঘটনাত পতিত হয়। দুর্ঘটনাত মটৰ চাইকে এখনৰ লগতে নাওঁখনত থকা আটাইকেইজন যাত্ৰী নদীত পৰি যায়। একাংশ স্থানীয় লোকে নদীৰ বুকুৰ পৰা নাওঁখনৰ যাত্ৰী সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে। এটি কণমানি শিশুসহ ৭ জনকৈ যাত্ৰীক স্থানীয় লোকে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আবু কাছেম আলী নামৰ এজন ৬৫ বছৰীয়া লোকজন নিখোজ হৈ পৰে।

প্ৰায় আধা ঘণ্টা পিছত নিখোজ হৈ থকা আবু কাছেম আলীৰ মৃতদেহ ৰাইজে উদ্ধাৰ কৰে। নিহত লোকজন মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত বেঙেৰভিটা গাঁৱৰ বাসিন্ধা বুলি জানিব পৰা গৈছে। ইফালে নাওঁ দুর্ঘটনাত আহত আন তিনিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।উল্লেখ্য যে বিগত প্ৰায় ৫ বছৰ পূৰ্বে মানকাচৰৰ বেঙেৰভিটা-চিৰাখোৱা গাঁও পঞ্চায়ত এলেকাৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে কালো নদীৰ ওপৰত কুটিৰঘাট-কাউৱাহাগী সংযোগী এখন আৰ চি চি দলং নিৰ্মাণৰ বাবে গড়কপ্তানি বিভাগে কেইবা কোটি টকা মোকলাই দিছে। এম পি আগৰৱালা নামৰ ঠিকাদাৰ এজনে কামৰ ঠিকা লাভ কৰিছে যদিও দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰজনে চৰম অৱহেলা কৰাৰ বাবে বিগত প্ৰায় ৫ বছৰে দলংখন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

তদুপৰি ঠিকাদাৰজনে দলং নিৰ্মাণৰ পূৰ্বে উপপথ হিচাপে এখন কাঠৰ দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিব লাগে যদিও তেনে কোনো সুবিধা প্ৰদান কৰা নাই।দলংৰ সুবিধা নথকাৰ ফলত এই অঞ্চলৰ ৰাইজে টুলুঙা নাওঁ লৈ যাত্ৰা চলাই থকা পৰিলক্ষিত হৈছে। ঠিকাদাৰজনৰ অৱহেলাৰ বাবে আজি এইদৰে গাৰো পাহাৰৰ পানীৰ ঢলে নাওঁখন উটুৱাই নিয়াত এজন লোকে প্ৰাণ হেৰুওৱাবলগীয়া হৈছে। স্থানীয় ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনে ঠিকাদাৰজনৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,284 other subscribers

Leave a comment

Leave a Reply