মানকাচৰ – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চাৰিখন স্বাস্থ্য কেন্দ্ৰত অব্যাহত আছে কোভিড-১৯ ৰ টীকাকাৰণ। আৰক্ষী-বেটেলিয়ান, সেনা-নিৰাপত্তাৰক্ষীৰ টীকাকাৰণ আৰম্ভ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চাৰিখনকৈ স্বাস্থ্য কেন্দ্ৰত কোভিড-১৯ ৰ টীকাকাৰণ চলি থকা পৰিলক্ষিত হৈছে। জিলাখনৰ গজাৰীকান্ধি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, সাদুল্যেবাৰী স্বাস্থ্য কেন্দ্ৰ আৰু দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই টীকাকাৰণৰ ব্যৱস্থা কৰা হৈছে।
ইতিমধ্যে স্বাস্থ্যকৰ্মী, অংনাবাদী কৰ্মী সকলক টীকাকাৰণ দিয়াৰ পিছত বৃহস্পতিবাৰৰ পৰা আৰক্ষী-বেটেলিয়ান, সেনা আৰু নিৰাপত্তাৰক্ষীক টীকাকাৰণ প্ৰদান আৰম্ভ কৰা হৈছে। ইফালে নিৰ্বাচনৰ বাবে পলিং পাৰ্টি সকলক টীকাকাৰণ শুকুৰবাৰৰ পৰা আৰম্ভ কৰা হ’ব বুলি জিলা টীকাকাৰণ বিষয়াৰ চিকিৎসক চিৰাজুল ইছলামে জানিবলৈ দিয়ে।