মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ বৰকোনা কালী ধামত আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে ৭৫ সংখ্যক দুৰ্গা পুজাৰ মহা সপ্তমী সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে বিগত ৭৫ বছৰ ধৰি অসম-মেঘালয় সীমান্তৰ বৰকোনাত কালী ধামত দুৰ্গা পুজা পালন কৰি আহিছে এই অঞ্চলৰ কোচ-হাজং সম্প্ৰদায়ৰ লোক সকলে।

কালী ধামত স্থায়ীভাৱে মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা দেৱীৰ প্ৰতিমাৰ কাষতে অন্যান্য দেৱ-দেৱীৰ প্ৰতিমা যোৱা কালি ষষ্ঠীৰ দিনা প্ৰতিষ্ঠা কৰাৰ পিছত আজি পুৱাৰে পৰা মহা সপ্তমৰ পূজা অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা দিনৰ প্ৰায় ১২.৩০ বজালৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় মহা সপ্তমীৰ পুজা। অহা কাইলৈ অষ্টমীৰ বাবেও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব কালী ধামত।

লগতে পঢ়ক : পূজা মণ্ডপৰ জৰিয়তে ক’ভিড যোদ্ধাৰ প্ৰতি সন্মান প্ৰদৰ্শন

আনহাতে মহা নৱমীৰ দিনা পুৱা ৮ বজাত কালী ধামত কুমাৰী পুজাৰ আয়োজন কৰা হ’ব। জিলাখনৰ একমাত্ৰ এই কালী ধামত প্ৰতিবছৰে কুমাৰী পুজা উলহ মালহেৰে পালন কৰা হয়। দুৰ্গা পুজা উপলক্ষে ভক্ত সকলৰ সমাগমৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল মানি কালী ধামত প্ৰৱেশ কৰাৰ বাবে ভক্ত সকলক আয়োজক সকলে আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply