মানকাচৰ : মানকাচৰত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে অগ্নিদগ্ধ হৈ পশুধনৰ মৃত্যু। আহত কেইবাটাও গৰু।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত কানাইমাৰা চৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জাহান উদ্দীন নামৰ এজন লোক ঘৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনা এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিদগ্ধ হৈ এটা গৰুৰ মৃত্যু হোৱাৰ লগতে আন দুটা গৰু আহত হয়। অগ্নিকাণ্ডৰ ঘটনাত কেইবাটাও হাঁহ-কুকুৰাৰ মৃত্যু হৈছে। অগ্নিকাণ্ডৰ ফলত জাহান উদ্দীনৰ প্ৰায় চাৰি লক্ষাধিক টকাৰ ক্ষতি হৈছে।

লগতে পঢ়ক : ৪০ হাজাৰৰ তলত আক্রান্তৰ সংখ্যা : ১৬৭ দিনৰ পিছত মৃত্যুৰ হাৰ সৰ্বনিম্ন

দেওবাৰে নিশাৰ ভাগত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয়। জানিব পৰা মতে নিশা গৰুক ধোঁৱা দিয়াৰ পিছত ধোঁৱাৰ জুইৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply