মানকাচৰ : মানকাচৰত ঘৰ ভাড়া দি বিপদত পৰিল ঘৰৰ মালিক। মাটিসহ ঘৰ বেদখলৰ অপচেষ্টা। মালিক নথকা সুযোগ লৈ ঘৰৰ তলা ভাঙি সকলো সামগ্ৰী লুটি নিয়াৰ অভিযোগ। ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ কলেজ নগৰৰ মহন্তপাৰাত প্ৰায় দহ বছৰ পূৰ্বে আব্দুল কায়ুম নামৰ ব্যক্তি এজনে মনোৱাৰ হুছেইন নামৰ এজন লোকক ঘৰ ভাড়াত দিছিল। এতিয়া মনোৱাৰ হুছেইনৰ বিৰুদ্ধে আব্দুল কায়ুমে তেওঁৰ মাটিসহ ঘৰ বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি থানাত গোচৰ ৰজু কৰিছে।

সুখচৰ থানাৰ অন্তৰ্গত ভূটিয়াডাঙ্গা গাঁৱৰ বাসিন্ধা মনোৱাৰ হুছেইন চাকৰি সূত্ৰে মানকাচৰৰ কলেজ নগৰৰ মহন্তপাৰা গাঁৱৰ আব্দুল কায়ুমৰ ঘৰ ভাড়াত লয়। প্ৰায় ৬ বছৰ পাছত ঘৰৰ ঘৰ ভাড়াৰ চুক্তিপত্ৰৰ সময়সীমা উকলি যোৱাৰ পিছত মনোৱাৰ হুছেইন ভাড়া ঘৰ এৰি নিজৰ গাঁৱলৈ যায়। কিন্তু হঠাৎ বৃহস্পতিবাৰে মনোৱাৰ হুছেইনৰ পত্নী আকলিমা খাতুন আৰু কেইজনমান লোক ঘৰখনত কোনো নথকাৰ সুযোগ লৈ ঘৰখনত প্ৰৱেশ কৰি ঘৰসহ মাটি বেদখল কৰে।

মনোৱাৰ হুছেইনৰ পত্নী আকলিমা খাতুনে ঘৰখনৰ তলা ভাঙি ঘৰৰ ভিতৰত থকা সকলো প্ৰকাৰৰ নথি পত্ৰ, আচবাব, জেনেৰেটৰ, চিলিং ফেন আদি লুটি নিয়াৰ লগতে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে। ঘটনাক লৈ আব্দুল কায়ুম মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ আকলিমা খাতুন এখন ঘৰ বেদখল কৰি আছে।

লগতে পঢ়ক : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল দিবলৈ গঠন কৰিলে দুখন কমিটি

ইফালে আব্দুল কায়ুম নিজৰ ঘৰত বনুৱাৰ লগত কাম কৰি থকা অৱস্থাত পুনৰ আকলিমা খাতুনে দলে বলে সম্পূৰ্ণ ঘৰখন বেদখল কৰিবলৈ চেষ্টা চলায়। এই ঘটনাক আব্দুল কায়ুম বাধা দিয়াত আব্দুল কায়ুমক বেদখলকাৰী দলটো প্ৰহাৰ কৰে। আনহাতে এই ঘটনাক লৈ মানকাচৰ থানাৰ আৰক্ষীৰ উপ পৰিদৰ্শক সোন্তোষ কুমাৰ বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply