মানকাচৰ : নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভিতৰুৱা অঞ্চল সমূহত এতিয়া ঘটি আছে বাল্য বিবাহৰ নিচিনা ঘটনা। একাংশ অবিভাৱকৰ লগত মিলি একাংশ কাজীয়ে জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহত বাল্য বিবাহ চলাই থকা ঘটনা প্ৰায়ে পোহৰলৈ অহা দেখিবলৈ পোৱা যায়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ এক বাল্য বিবাহৰ ঘটনা সংঘটিত হোৱা পূৰ্বেই আৰক্ষীৰ তৎপৰতাত এই বিবাহ ৰোধ কৰা হয়। মানকাচৰ কালাপানী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই এক বাল্য বিবাহ ৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে বাল্য বিবাহ কৰাবলৈ অহা কাজীজনক গ্ৰেপ্তাৰ কৰে।

মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ বাংটিমাৰীত বাল্য বিবাহৰ বিৰুদ্ধে কালাপানী আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহ কৰাবলৈ অহা কাজী মৌলানা ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নাবালিক দৰা আৰু নাবালিকা কইনা গৰাকীকো সোধা পোছাৰ বাবে আটক কৰে যদিও দৰা-কন্যাৰ অভিভাৱক সকল পলায়ন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : আজিৰে পৰা পেৰালিম্পিক, ভাৰতীয় খেলুৱৈৰ দেহত কোৰোনা ভাইৰাছ

কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত মুছলিম বিবাহ আৰু তালাক পঞ্জীয়কৰ কাৰ্যালয়ত জিলাখনত বাল্য বিবাহ বন্ধ কৰিবলৈ কাজী সকলক লৈ এক সজাগতা সভাৰ আয়োজন কৰা হৈছিল। সভাত কাজী সকল যাতে বাল্য বিবাহৰ লগত জড়িত নাথাকে তাৰ বাবে কাজী সকলক নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু যদি কোনো কাজী এনে কামৰ লগত জড়িত হয় তেন্তে তেওঁৰ বিৰূদ্ধে আইনগত ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply