দক্ষিণ শালমাৰা : মানকাচৰৰ বাংৰীৰচৰত নিশা আৰক্ষীৰ অভিযান। ৬ টা চোৰাং গৰুসহ ৪ গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ আৰম্ভ হৈছে গৰুৰ চোৰাং ব্যৱসায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বাংৰীৰচৰ গাঁৱত শনিবাৰে নিশা প্ৰায় ১২ বজাত মানকাচৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৬ টা চোৰাং গৰুসহ চাৰিজনকৈ গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয় আৰু উপ পৰিদৰ্শক খৃতিষ ৰয়ৰ নেতৃত্বত মানকাচৰ আৰক্ষীয়ে বাংৰীৰচৰ গাঁৱত অভিযান চলাইছিল। অভিযান কালত চাৰিজন গৰু সৰবৰাহকাৰীয়ে ৬ টা গৰু লৈ বাংলাদেশৰ ফালে গৈ থকা অৱস্থাত আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাক আটক কৰাৰ লগতে গৰু কেইটা জব্দ কৰে। ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে সুখচৰ থানাৰ অন্তৰ্গত বাংৰীৰচৰ গাঁৱৰ আছমত আলীৰ পুত্ৰ আলী হুছেইন, প্ৰয়াত ৰজব আলীৰ পুত্ৰ সহিদুৰ ৰহমান, নেওয়াজেছপূৰ গাঁৱৰ কাছেম আলীৰ পুত্ৰ ছফিকুল ইছলাম আৰু দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কালাইৰ আলগা গাঁৱৰ জাহিৰুল শেখৰ পুত্ৰ ছাজিদুল শেখ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ধৃত গৰু সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰে। আদালতে সৰবৰাহকাৰী কেইজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে জানিবলৈ দিছে। জিলাখনত যোৱা এপ্ৰিল মাহত মুঠ ১১১ টা চোৰাং গৰু জব্দ কৰাৰ লগতে ৪ জন গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ ভয়াবহভাৱে গৰুৰ চোৰাং সৰবৰাহ বৃদ্ধি পাবলৈ ধৰিছে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰেৰে দিনে-নিশাই চোৰাং গৰু লৈ একাংশ সৰবৰাহকাৰী কেইবাটাও ঠাইত জমা কৰে আৰু সুযোগ বুজি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলেৰে নিশাৰ ভাগত গৰু অসমত প্ৰৱেশ কৰে। ইয়াৰ পিছত সুযোগ বুজি বাংলাদেশলৈ সৰবৰাহ কৰে গৰু। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই দুই-চাৰিটা গৰু জব্দ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। ইফালে মেঘালয় আৰক্ষীয়ে গৰুৰ চোৰাং কাৰবাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে গৰু সৰবৰাহকাৰীৰ সৈতে মেনেজ হৈ থকা বুলি অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী-প্ৰশাসন, দক্ষিণ শালমাৰা, সুখচৰ, ফকিৰগঞ্জ আৰু মানকাচৰ আৰক্ষীয়ে এই গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰিব পাৰিবনে ?

উল্লেখ্য যে যোৱা কেইমাহ মান পূৰ্বে আৰক্ষী গৰুৰ চোৰাং বেহাৰ লগত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ মতে আৰক্ষীয়ে নিশাৰ ভাগত চোৰাং গৰু জব্দ কৰি থানালৈ আনি নিশাৰ ভিতৰতে আন চোৰাং বেপাৰীৰ হাতত গৰু বিক্ৰী কৰি দিয়ে। এই সম্পৰ্কে একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত জিলাখনত গৰুৰ চোৰাং কাৰবাৰ প্ৰায় হ্ৰাস পাইছিল যদিও পুনৰ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে গৰুৰ চোৰাং বেহা। এই ক্ষেত্ৰত বদনামৰ সম্মুখীন হোৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে অনাগত দিনত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেৱা পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply