দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত থকা শাক পাচলিৰ খেতি কৰা কৃষক সকলৰ পথাৰ বানৰ পানীয়ে ধুই নিয়াৰ ফলত ফচল সম্পূৰ্নৰূপে নষ্ট হৈ পৰিছে। বান পানীৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা কৃষক সকল মূৰে কপালে হাত দিবলগীয়া হৈছে। ক্ষতিগ্ৰস্ত কৃষক সকলক কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে আৰ্থিক সহায় কৰিবলৈ কৃষক ৰাইজে দাবী উত্থাপন কৰিছে।
উল্লেখযোগ্য যে জিলাখনৰ মুঠ ১৫ খনকৈ গাঁও পঞ্চায়ত এলেকাত এইবাৰ ভদিয়া বানৰ সৃষ্টি হোৱাত বিশেষকৈ কৃষি প্ৰধান এলেকা সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়তৰ কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হৈছে। এই পঞ্চায়ত তিনিখনৰ পাচলি খেতি কৰা কৃষকে আলু, বেঙেনা, তিয়ঁহ, জলকীয়াকে ধৰি প্ৰায় সকলো প্ৰকাৰৰ শাক পাচলিৰ খেতি কৰে। ইয়াৰে গোটাবাৰী গাঁও পঞ্চায়ত এলেকাৰ তাঁতীপাৰা গাঁৱৰ আজিয়াল হক নামৰ কৃষক এজনে দুটাকৈ গৰু বিক্ৰী কৰি এইবাৰ তিয়ঁহ খেতি আৰম্ভ কৰিছিল। প্ৰায় ডেৰ লাখ টকা খৰছ কৰি আৰম্ভ কৰা তিয়ঁহ খেতিত কেৱল ফচল ধৰিবলৈ আৰম্ভ হোৱাত বানৰ বানপানীৰ সৃষ্টি হয়। বানে কৃষকজনৰ খেতি ধুই নিয়াৰ ফলত ডেৰ লাখ টকীয়া তিয়ঁহ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে।
বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা তিয়ঁহ খেতিয়ক আজিয়াল হক মূৰে কপালে হাত দিবলগীয়া হৈছে। কৃষিকাৰ্য জৰিয়তে উপাৰ্জনৰ পথ বাছি লোৱা এই কৃষকজনৰ আগন্তক দিনত পুনৰ খেতি আৰম্ভ কৰিবলৈ হাতত নাই ধন। ফলত আগন্তক দিনত কেনেকৈ পুনৰ খেতি কৰিব তাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে কৃষক জন। চৰকাৰী ভাৱে কৃষি বিভাগৰ জৰিয়তে তেওঁক আৰ্থিক সহায় কৰিবলৈ চৰকাৰৰ ওচৰত কৃষক সকলে দাবী উত্থাপন কৰিছে। বানৰ ফলত ফচল নষ্ট হৈ কৃষকৰ ক্ষতি সাধন হোৱা কেৱল এই গৰাকী আজিয়াল হকে নহয়। পঞ্চায়তখনৰ অধীনত শ শ কৃষকৰ একেই অৱস্থা হৈছে।
লগতে পঢ়ক : ধন নিদিয়াৰ বাবেই নিচাসক্ত যুৱকে আক্ৰমণ কৰিলে ব্যৱসায়ীক
মুঠৰ ওপৰত সুখচৰ, মলাখোৱা আৰু গোটাবাৰী গাঁও পঞ্চায়ত এলেকাত থকা শ শ কৃষকৰ শাক পাচলিৰ খেতি বানে ধুই নিয়াৰ ফলত কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হৈছে। এই ক্ষেত্ৰত জিলা কৃষি বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰে এই সকলক কৃষকক ক্ষতি পুৰণ বা আৰ্থিক সাহায্য প্ৰদান কৰিবনে ? চৰকাৰী সহায় অভিহনে এই সকল কৃষক পুনৰবাৰ খেতি কৰিবলৈ সমৰ্থন হেৰুৱাই পেলাইছে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলত বানৰ লগতে নদীৰ গৰাখহনীয়া কৃষক সকলৰ বৃহৎ সমস্যা। গৰাখহনীয়াৰ ফলত ইতিমধ্যে জিলাখনৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ যোৱাত কৃষিভূমি হেৰুৱাই বহু কৃষক দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে।