অসমতো কোৰোনা সংক্ৰমণে দ্ৰতগতিত বৃদ্ধি পোৱালৈ চাই ৰাজ্য চৰকাৰে আজিৰ পৰা ৰাজ্যজুৰি দুই বজাৰ পৰা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু হাট-বজাৰ বন্ধ ৰাখিবলৈ ব্যৱসায়ী সমাজলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ সেই নিৰ্দেশনাৰ পিছতেই বন্ধ হৈ পৰিছে সকলো ব্যবসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়সমূহ ।
মহানগৰী গুৱাহাটীতো দিনৰ দুই বজাৰ লগে লগে বন্ধ হৈ পৰে দোকান বজাৰ। জৰুৰী সেৱাৰ সৈতে জড়িত সকলৰ কাৰ্যালয়ৰ বাদে বাকী কাৰ্যালয় সমূহো বন্ধ হৈ পৰে ।

সেই অনুসৰি আজি ২ বজাৰ লগে লগে ৰাজ্যৰ আন অঞ্চলৰ লগতে কামপুৰটো জনসাধাৰণ তথা ব্যৱসায়ী সকলে চৰকাৰৰ নতুন নিৰ্দেশনাক সন্মান জনাই দুই বজাৰ লগে লগে বন্ধ কৰে দোকান পোহাৰ, বজাৰ সমাৰ। জনশূন্য হৈ পৰে বজাৰত। গেলামাল, শাক পাচলি দোকান বৰ্তমানে সকলো বন্ধ।
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰতো মিনি লক ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷চৰকাৰৰ নিৰ্দেশনালৈ সহাঁৰি জনাই দুই বজাৰ পৰাই চহৰখনৰ সকলোবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান,হাট-বজাৰ বন্ধ ৰাখি মহামাৰী কোৰোনাৰ সংক্ৰমণে যাতে আৰু অধিক সংকটজনক নহয় তালৈ ব্যৱসায়ী সমাজে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মত পোষণ কৰিছে৷