মাকুম- তিনিচুকীয়াৰ মাকুমত বুধবাৰে পুৱাই সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চহৰখনৰ মাজমজিয়াত থকা কেইবাখনো বাণিজ্যিক প্ৰতিষ্ঠানত অগ্নিকাণ্ড সংঘটিত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হয়।
এই পৰ্যন্ত অগ্নিকাণ্ডৰ ফলত কিমান টকাৰ সম্পত্তি জুইত জাহ গৈছে জানিব পৰা হোৱা নাই যদিও লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ আৰম্ভণিতে এখন দোকানত বৈদ্যুতিক বিজুতিৰ কাৰণে অগ্নিকাণ্ড সংঘটিত হৈ পৰৱৰ্তী সময়ত কেইবাখনো দোকানলৈ জুই বিয়পি যোৱাৰ সন্দেহ স্থানীয় লোকৰ। অৱশেষত ঘটনাস্থলীত ৪ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।