গুৱাহাটীঃ মালিগাঁও পাণ্ডু ৰেল বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

এই অগ্নিকাণ্ড ইমানেই ভয়ানক আছিল যে আৱাসিক এলেকাটোৰ কেইবাটাও ঘৰ নিমিষতে ভস্মীভূত হৈ পৰাৰ লগতে কেইবালাখ টকাৰ সা-সামগ্ৰী, সোণৰ আ-অলংকাৰ জুইত জাহ যায়।

ঘটনাৰ খবৰ পোৱাৰ পাছতেই  ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক আৰু জৰুৰী সেৱাবাহিনীৰ কেইবাখনো বাহন। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে প্ৰায় এঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডটোত ঘৰকেইটাত থকা দুটাকৈ গেছ চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটা বুলি প্ৰকাশ।

ভয়ংকৰ অগ্নিকাণ্ডটোৰ সূত্ৰপাত ক’ৰ পৰা হ’ল সেই সন্দৰ্ভত এতিয়ালৈকে একো জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃঅসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত অসম সচিবালয়ৰ কৰ্মচাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply