নিউজ ডেস্ক: ৰাজ্যত হাতী মানুহৰ সংঘাত ক্ৰমান্বয়ে এটাৰ পিছত আন এটা অঞ্চললৈ বিয়পিছে। বনবিভাগে হাতীসমূহ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাত ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে।
চৰাইদেউ জিলাৰ সোণাৰিতো বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। অভয়পুৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে উপদ্ৰৱ চলাইছে। অঞ্চলটোত নাফুক চাহ বাগিচাৰ শ্ৰমিক লাইনৰ কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকে।
দিনত বাগিচাখনৰ ভিতৰত আশ্ৰয় লোৱা হাতীৰ জাকটো নিশা হ’লেই দাঁতিকাষৰীয়া অঞ্চলসমূহত উপদ্ৰৱ চলায় আহিছে। হাতীৰ জাকটো খেদি পঠিওৱাৰ চেষ্টা বনকৰ্মী সকলে কৰিছে যদিও
এতিয়ালৈকে হাবিলৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে।
আনহাতে কলিয়াবৰতো অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বৰভগীয়া, নামগাঁৱত নিশা হাতীৰ জাকে চলালে উপদ্ৰৱ। গাঁও দুখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে হাতীৰ জাকে। ভঁৰাল ভাঙি হাতীৰ জাকটোৱে কষ্টৰ পিছত বছৰটোৰ বাবে গোটোৱা ধান খাই শেষ কৰে।
ওৰেটো নিশা গাঁও দুখনত হাতীয়ে অব্যাহত ৰাখিছে উপদ্ৰৱ। হাতীৰ উপদ্ৰৱৰ বাবে এতিয়া উজাগৰী নিশা কটাব লগীয়া হৈছে ৰাইজ । বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাত ক্ষোভ অঞ্চলবাসীৰ ।
লগতে পঢ়ক- ব্যক্তিগত প্ৰচেষ্টাত কাৰ্বি পাহাৰত খেলাধূলাৰ বিকাশৰ বাবে ব্যস্ত এটি পৰিয়াল