চৰাইদেউ : চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত নিৰাপত্তাৰক্ষী বাহিনীয়ে শনিবাৰে মাৰণাস্ত্ৰসহ এজন যুৱকক আটক কৰে।
প্ৰাপ্ত তথ্য মতে, নামতোলা আৰক্ষী আৰু সেনা বাহিনীৰ যুটীয়া অভিযানত যুৱকজন আটক কৰা হয়।
ধৃত যুৱকজনৰ নাম দিগন্ত সন্দিকৈ (৪১) বুলি জানিব পৰা গৈছে। যুৱক জনৰ ঘৰ চৰাইদেউ জিলাৰ বাঁহবাৰীত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা অসম বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত
আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা এটা ৭ পইণ্ট ৬৫ আৰু এটা টু পইণ্ট টু পিষ্টলসহ চাৰি ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে।