প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ধন দাবীৰ ঘটনা। আলফাৰ নামত ধন দাবীৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীত। আলফাৰ নামত ধন দাবী কৰি জালত পৰিল এজন। ফোনযোগে ৫০ লাখ টকা দাবী কৰিছিল ধৃত লোকজন।

৫০ লাখ টকা দাবী কৰা লোকজনক গুৱাহাটী ক্ৰাইমব্ৰাঞ্চৰ জালত পৰিছে। জানিব পৰা মতে পাঞ্জাবাৰী ভি আই পি ৰোডৰ নামঘৰ পথৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ধন দাবী কৰা লোকজনক। ধৃত লোকজনৰ নাম কংকণজ্যোতি ভূঞা।

উল্লেখ্য যে কংকণজ্যোতি ভূঞাই মহানগৰীৰ আঠগাঁৱৰ এজন আগৰৱালা নামৰ ব্যৱসায়ীৰ পৰা আলফাৰ নামত ফোনযোগে ৫০ লাখ টকা দাবী কৰিছিল। যোৱা ১২ এপ্ৰিলত ফোনযোগে ধন দাবী কৰা উক্ত ফোন কলৰ ভিত্তিত ক্ৰাইমব্ৰাঞ্চৰ এটা দলে অভিযান চলাই কংকণজ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে ধৃত কংকণজ্যোতি ভূঞা কলিয়াবৰৰ বাসিন্দা। কংকণজ্যোতি ভূঞা পাঞ্জাৱৰীত ভাড়াতীয়া হিচাপে আছিল। বৰ্তমান ধন দাবীৰ ঘটনা সংক্ৰান্তত ক্ৰাইমব্ৰাঞ্চৰ দলে কংকণজ্যোতি ভূঞাক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply