মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰৰ খাৰুৱাবান্ধা বজাৰত জাল নোটসহ গ্ৰেপ্তাৰ এজন লোক। ধৃত লোকজনৰ পৰা পাঁচটাকৈ ২ হেজাৰ টকীয়া জাল নোট উদ্ধাৰ। জাল নোট সৰবৰাহকাৰী জনৰ নাম ৰিজাউল ইছলাম।
খাৰুৱাবান্ধা বজাৰৰ ২ হাজাৰ টকীয়া জাল নোটেৰে সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে ৰিজাউল ইছলাম নামৰ লোকজনক। ২ হেজাৰ টকাৰ নোট দি ২-৩ শ টকাৰ সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাত ৰাইজে আটক কৰি ৰিজাউল ইছলামক আৰক্ষীক গতাই দিয়ে।
ৰিজাউল ইছলাম মানকাচৰৰ কঁঠালবাৰী গাঁৱৰ বাসিন্ধা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চৌদিশে সক্ৰিয় হৈ উঠিছে জাল নোটৰ চক্ৰ। জিলাখনত একাংশ দুষ্ট চক্ৰাই বাংলাদেশত গৰু সৰবৰাহ কৰি বাংলাদেশৰ পৰা জাল নোট আনি ভাৰতৰ বজাৰত চলাই আছে।
লগতে পঢ়ক : জামুগুৰিহাটৰ মঙ্গলবৰীয়াত মহিলাক হত্যাৰ চেষ্টা
জাল নোটৰ বেহাৰ লগত জড়িত বহু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। যোৱা সপ্তাহতো দক্ষিণ শালমাৰাত অনুৰূপ ঘটনা সংঘটিত হৈছিল। এজন লোক বজাৰত জাল নোট চলাবলৈ আহি জালত পৰিছিল।