ৰূপ হীহাট : ৰূপহীহাটত চাঞ্চল্য। এগৰাকী মহিলাক হত্যাৰ চেষ্টা এজন লোকৰ। চোকা অস্ত্ৰৰে মহিলাক আক্ৰমণ চলাই হত্যাৰ চেষ্টা। কথমপি চোকা অস্ত্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল মহিলা গৰাকী।
নগাঁও জিলাৰ ৰূপহীহাটৰ ৰূপহী দৈনিক বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দৈনিক বজাৰতে এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ অপচেষ্টা এজন লোকৰ। মহিলা গৰাকীক আক্ৰমণ কৰাত ব্যৰ্থ হোৱাত মহিলাগৰাকীৰ ভাতৃক ৰুস্তুম আলীক আক্ৰমণ।
সম্পত্তিৰ বাবে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পূৰ্বৰ স্বামীয়ে সম্পত্তিৰ ধন লাভ নকৰাৰ বাবে মহিলা গৰাকীক আক্ৰমণৰ চলায়। মহিলা গৰাকীয়ে সম্পত্তি বিক্ৰী কৰি পূৰ্বৰ স্বামীক ধন নিদিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে।
লগতে পঢ়ক : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওপজা দিন নলবাৰীত উদযাপন
মহিলা গৰাকীৰ পুৰ্বৰ স্বামী মাইনুদ্দিনৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হৈছে মহিলা গৰাকী ভাতৃ ৰুস্তম আলী। আক্ৰমণকাৰী মাইনুদ্দিনক দৈনিক বজাৰত উপস্থিত থকা ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই ৰূপহীহাট আৰক্ষীক চমজাই দিয়ে।