ওদালগুৰি : ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গছৰ ছাঁত জিৰণি লৈ থকা অৱস্থাত গছ পৰি নিহত হয় এজন লোক। বৰঙ্গাজুলি খুটিৰ দমৰাবস্তিত সংঘটিত হৈছে এই কৰুণ ঘটনা।
ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বৰঙ্গাজুলি খুটিৰ দমৰাবস্তিৰ ৰাজেশ কৰ্মকাৰ নামৰ এজন ৩৫ বছৰীয়া লোক উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ গছৰ ছাঁত জিৰণি লৈ থকা অৱস্থাত হঠাৎ গছ পৰি লোকজন নিহত হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলিত ডিমাকুছি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
বৰঙ্গাজুলি খুটিৰ দমৰাবস্তিৰ টেগ বাহাদুৰ চুব্বা নামৰ এজন ব্যক্তিয়ে গছ এডাল আধা কাটি থোৱাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৰাজেশ কৰ্মকাৰে অতি মাত্ৰা গৰম সহ্য কৰিব নোৱাৰি গছৰ তলত শিতল ছাঁ লৈ বহি আছিল। কিন্তু দূৰ্ভাগ্যজনকভাৱে গছ পৰি কৰুণ মৃত্যুক আকোঁৱালি লবলগীয়া হয় ৰাজেশ কৰ্মকাৰ।
লগতে পঢ়ক : অৰুণাচলৰ ১২টা জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি
স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৰাজেশ কৰ্মকাৰৰ দৰিদ্ৰ পৰিয়ালটোক ক্ষতিপূৰ্ণৰ দিবলৈ টেগ বাহাদুৰ চুব্বাক দাবী জনাইছে। উল্লেখ্য যে ৰাজেশ কৰ্মকাৰ মাছৰ বেপাৰ কৰি পত্নী, দুই সন্তান আৰু পিতৃ-মাতৃক পোহপাল দি আছিল। গছ পৰি ৰাজেশ কৰ্মকাৰ নামৰ লোকজন নিহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।