খেৰনি : খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ তাণ্ডৱে নিদ্ৰা হৰিছে খেৰনিবাসী ৰাইজৰ। অঞ্চলটোত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত।

হাতী মানুহৰ সংঘাতে ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত। দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত থকাৰ ফলত অঞ্চলবাসী ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে। বন বিভাগে বনৰীয়া হাতীৰ তাণ্ডৱ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাক লৈ ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।

লগতে পঢ়ক : গোলাঘাটত ভয়ংকৰ পথ দুর্ঘটনা : এজনৰ মৃত্যু

পশ্চিম কাৰ্বি আংলংৰ খেৰনিত অব্যাহত থকা হাতী আৰু মানুহৰ সংঘাতৰ বাবেই হাতীৰ আক্ৰমণত পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন বগৰীঘাটৰ গাঁৱৰ ৮০ বছৰীয়া সুৰেশ চৌহান বুলি জানিব পৰা গৈছে। হাতীৰ তাণ্ডৱ ৰোধ কৰাত ব্যৰ্থ খেৰনিৰ বন বিভাগক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply