ৰাজ্যজুৰি বন্যপ্ৰাণীৰ উপদ্ৰবক লৈ হাৰাশাস্তিৰ সন্মুখীণ হৈছে ৰাইজ। বিভিন্ন অঞ্চলত হাতী, নাহৰফুটুকী, গঁড়ৰ আক্ৰমণ চলিছে ।

ছিপাঝাৰৰ সলপাম গাঁৱত পুনৰ নাহৰফুটুকীৰ আতংক চলিছে। হাতে হাতে যাঠী-জোং লৈ পহৰা দিছে গাঁওবাসীয়ে। হিলৈ ফুটাই নাহৰফুটুকী খেদাৰ চেষ্টা স্থানীয় ৰাইজে।

কিছুদিন পূৰ্বে অঞ্চলটোত মুক্ত বিচৰণ কৰিছিল এটা নাহৰফুটুকীয়ে। ভলীবলৰ নেটেৰে নাহৰফুটুকীটো ধৰাৰ চেষ্টা কৰিছিল ৰাইজে। কিন্তু পলাই সাৰিবলৈ সক্ষম হয় নাহৰফুটুকীটো। অঞ্চলটোত পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে।

নুমলীগড় শোধনাগাৰত আজি পুৱাৰ পৰাই আতংকৰ সৃষ্টি কৰিছে বনৰীয়া হাতীয়ে।
পকী দেৱাল ভাঙি চৌহদত প্ৰৱেশ বনৰীয়া হাতীৰ। বহু সময় ধৰি শোধনাগাৰৰ চৌহদত বিচৰণ হাতীটোৰ । ৩৯ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি অতৰ্কিত প্ৰৱেশ কৰে শোধনাগাৰত।
কিছুদিন পূৰ্বে এটা হাতীয়ে NRLৰ মুখ্যদ্বাৰেদি প্ৰৱেশ কৰি সৃষ্টি কৰিছিল আতংকৰ।

পবিতৰাৰ পৰা ওলাই অহা গঁড়টো আজিও উভতি যোৱা নাই।আজি জাগীৰোডৰ বৰকুলৈ গাঁৱত অৱস্থান কৰিছে গঁড়টোৱে। ঘন জনবসতিপূৰ্ণ এলেকাটোত গঁড়টোক লৈ আতংকৰ সৃষ্টি হৈছে।
বন বিভাগ আৰু আৰক্ষীয়ে চৌদিশ ঘেৰি ৰাখিছে।
চাৰিটা হাতীৰ সহায়ত গঁড়টো ওভতাই পঠিওৱাৰ চেষ্টা চলাই থকা হৈছে। তিনিদিন পূৰ্বে পবিতৰাৰ পৰা ওলাই আহিছিল গঁড়টো

লগতে পঢ়ক- Eastmojo Exclusive আলফা স্বাধীনত যোগদান অসম আৰক্ষী জোৱানৰ!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply