নিউজ ডেস্ক: এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত কোকৰাঝাৰৰ এখন আদালতে মঙলবাৰে এজন লোকক ২০ বছৰৰ কাৰাদণ্ড বিহে।
শাস্তিৰ সন্মুখীন হোৱা দোষী লোকজনক জিলাখনৰ গোসাঁইগাঁৱৰ ছৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ১০ বছৰ পূৰ্বে ইছলামে উক্ত ধৰ্ষণকাৰণ্ড সংঘটিত কৰিছিল।
২০ বছৰৰ কাৰাবাসৰ উপৰি বিশেষ ন্যায়াধীশ জয়দীপ কোচে POCSO আইনৰ অধীনত ইছলামক ১০,০০০ টকাৰ জৰিমনা বিহে বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ইছলামে ভুক্তভোগী শিশুটিক কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এখন নৈৰ কাষত গৰু চৰোৱা অৱস্থাত ধৰ্ষণ কৰে। পিছত শিশুটিৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত POCSO আইনৰ অধীনত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
লগতে পঢ়ক – ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ত বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব