গুৱাহাটী : মহানগৰীৰ সাতগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পুত্ৰক হত্যা, পত্নীক হত্যাৰ চেষ্টা চলাই নিজে আত্মহত্যা কৰিলে এজন লোকে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
মহানগৰীৰ সাতগাঁৱত এজন হোমিও ফাৰ্মাচীৰ মালিকে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। ভৱেশ শৰ্মা নামৰ হোমিও ফাৰ্মাচীৰ মালিকজনে নিজ পুত্ৰক ডিঙি কাটি, পত্নীক হত্যাৰ চেষ্টা চলাই নিজে আত্মহত্যা কৰে।
ভৱেশ শৰ্মাই পুত্ৰ পৰাগ শৰ্মাক হত্যা কৰাৰ লগতে পত্নী হিমাদ্রি শৰ্মাক ছুৰিৰে ডিঙিত আক্ৰমণ চলায়। ভাৱেশ শৰ্মাৰ পত্নী হিমাদ্রি শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও হিমাদ্রি শর্মাৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে ঘৰৰ চিলিং ফেনত ভৱেশ শৰ্মাৰ মৃতদেহ ওলমি থকা আৰু মাটিত হিমাদ্রি শৰ্মা পৰি থকা দেখা পাই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰাগ শৰ্মা আৰু ভাৱেশ শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হিমাদ্রি শৰ্মাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : গৰুখুটীৰ ঘটনাত তৃতীয় পক্ষৰ উচতনি, ইয়াৰ বাবে সংগ্ৰহ ২৮ লাখ টকা : মুখ্যমন্ত্ৰী
ভাৱেশ শৰ্মাই কিহৰ বাবে এই কাণ্ড সংঘটিত কৰিলে এই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও আৰ্থিক দৈন্যতাৰ বাবেই ভৱেশ শৰ্মাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ পিছতে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।