সোণতলী : ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন লোক। বৃহস্পতিবাৰে নিশা মাছ মাৰিবলৈ গৈ সন্ধানহীন ছাইজুদ্দিন নামৰ এজন লোক। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱাল সোতে হঠাৎ ছাইজুদ্দিনক উটুৱাই নিয়ে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত চলাইছে লোকজনৰ সন্ধান।

কামৰূপ জিলাৰ সোণতলীত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক শোকবাহ ঘটনা। নিশাৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ গৈ সন্ধানী হয় এজন লোক। কেইজনমান লগৰীয়া সৈতে ছাইজুদ্দিন নামৰ এজন দুই সন্তানৰ পিতৃয়ে নদীত মাছ মাৰি থকা অৱস্থাত হঠাতে অহা নদীৰ প্ৰৱাল সোতে লোকজনক উটুৱাই নিয়ে।

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰা সোণতলীৰ অন্তৰ্গত গৰৈমাৰীৰ বিলৰজান গাঁৱৰ বাসিন্দা ছাইজুদ্দিনৰ সন্ধানত নিশাৰ ভাগৰে পৰা স্থানীয় লোকে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ছাইজুদ্দিন সন্ধানহীন হৈ আছে। ইফালে ৰাইজে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা নাই।

স্থানীয় ৰাইজে অভিযোগ কৰিছে যে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ থকা লোকজনক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ তথা এন ডি আৰ এফ বাহিনীৰ লগতো যোগাযোৰ কৰা নাই। ৰাইজে অতি শীঘ্ৰে লোকজনক উদ্ধাৰ কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply