নিউজ ডেস্কঃ কোনো পুৰুষে এগৰাকী বা দুগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা কথা প্ৰায়ে শুনি অহা হয়। কিন্তু এজন ব্যক্তিয়ে ১৭ গৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ খবৰ হয়তো কোনোৱে শুনা নাই। কিন্তু এনে এক ঘটনা সংঘটিত হৈছে ভাৰততে। উৰিষ্যাৰ এজন ৬৬ বছৰ বয়সীয়া ব্যক্তিৰ আছে ১৭ গৰাকী পত্নী।

আচৰিত যেন লাগিলেও এয়া সত্য। উৰিষ্যাৰ এগৰাকী আৰক্ষীয়ে বিষয়াই সাংবাদিকৰ আগত কয়- ব্যক্তিজনে বহু কেইখন ৰাজ্যৰ ১৪ শিক্ষিত মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ গোচৰ পোৱাৰ পাছত আমি তদন্ত আৰম্ভ কৰিলো আৰু জানিলো যে তেওঁ ১৪ নহয়, ১৭ গৰাকীকৈ মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।

ব্যক্তিগৰাকীক বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে। উল্লেখযোগ্য যে, এই ব্যক্তিজনে নিজকে এগৰাকী চিকিৎসক বুলি নিজকে পৰিচয় দিয়ে আৰু তাৰপাছত মহিলাৰ সৈতে বিয়াত বহে। ইয়াৰে এগৰাকী ছত্তীশগড়ৰ চাৰ্টাৰ্ড একাউন্ট, অসমৰ এগৰাকী চিকিৎসক আৰু উৰিষ্যাৰ এগৰাকী উচ্চশিক্ষিত মহিলাও আছে। আৰক্ষীয়ে লগতে সাংবাদিকৰ আগত কয়- ব্যক্তিগৰাকীৰ ওচৰৰ পৰা ৩খন পান কাৰ্ড, ১১খন এটিএম কাৰ্ড জব্দ কৰা হৈছে।

তদুপৰি এই ব্যক্তিজনে বিবাহ কৰা মহিলাসকলৰ ভিতৰত উৰিষ্যাৰ ৪ গৰাকী, দিল্লীৰ ৩ গৰাকী, অসমৰ ৩ গৰাকী, মধ্যপ্ৰদেশৰ দুগৰাকী আৰু পঞ্জাৱৰ দুগৰাকী, ছত্তীশগড়-ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশৰ এগৰাকী মহিলা আছে। ব্যক্তিগৰাকীয়ে নিজৰ নাম ডাঃ বিভু প্ৰকাশ স্বেন, ডাঃ ৰমানী ৰঞ্জন আদি নামেৰে নিজৰ ভুৱা পৰিচয় দি এনে ঘটনা সংঘটিত কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply