নিউজ ডেস্কঃ ৰাজ্যত কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। কভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য় ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধৰ সিদ্ধান্ত লৈছে।
ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল টাইগাৰ কনজাৰ্ভেছন অথৰিটীৰ উপ মহাপৰিদৰ্শক আৰু সহকাৰী উপ মহাপৰিদৰ্শক ড° বৈভৱ চি মাথুৰে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।
মানুহৰ দেহৰ পৰা জন্তুৰ দেহলৈ কৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
পৰ্যটকৰ দেহৰ পৰা যাতে বন্য় প্ৰাণীৰ দেহলৈ কভিড সংক্ৰমণ হ’ব নোৱাৰে প্ৰতি লক্ষ্য় ৰাখি এই সিদ্ধান্ত গ্ৰহণ।
এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল খাকিব। পুনৰ নিৰ্দেশনা নহালৈকে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ থাকিব ৷