দক্ষিণ শালমাৰা : দুদিনীয়া ধাৰাসাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলৰ ফলৰ মানকাচৰৰ অৰ্ধ শতাধিক গাঁৱত এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ কৃষকৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কালো নদীৰ খহনীয়াৰ ফলত কালাপানী আৰক্ষী চকীৰ লক আপ, শৌচালয় আৰু ৰান্ধনী শালৰ কিছু অংশ নদীৰ বুকুত জাহ যোৱা ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে মেঘালয়ৰ কালো নদীৰে পানীৰ ধল নামি অহাৰ ফলত মানকাচৰৰ কালাপানী এলেকাৰ প্ৰায় ১৫ খন গাঁও আৰু মানকাচৰ অঞ্চলৰ প্ৰায় ৪০ খন গাঁও কৃত্ৰিম বানৰ কবলত পৰিছে। বিশেষকৈ কৃষকৰ খেতি পথাৰ, ধান, মৰাপাট, শাক পাচলিৰ খেতি, মীন পালন কৰা কৃষকৰ পুখুৰী কৃত্ৰিম বানৰ কবলত পৰি বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে কৃষক সকল। ইতিমধ্যে বুধবাৰে অসম মেঘালয় সীমান্তবৰ্তী পানকাটা গাঁও পঞ্চায়তৰ অধীনত থকা টেপৰপাৰা-কালাপানী সংযোগী একমাত্ৰ পথটোৰ চাৰিটাকৈ স্থান পানীৰ ধলে ছিঙি নিয়াৰ ফলত গাঁৱৰ মাজত পানী সোমাই গাঁও সমূহ জলমগ্ন হৈ পৰিছে।

আনহাতে পানীৰ ধলৰ ফলত কালো নদীৰ দুয়ো পাৰে আৰম্ভ হৈছে গৰাখহনীয়া। বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত কালো নদীৰ গৰাখহনীয়াৰ কবলত পৰি কালাপানী আৰক্ষী চকীৰ আচামী ৰখা লক আপটো সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ লগতে আৰক্ষীৰ জোৱান থকা আৰক্ষী নিবেশৰ এটা গৃহ, ৰান্ধনী শাল আৰু শৌচলয়ৰ কিছু কিছু অংশ ভাঙি যোৱাৰ লগতে নদীৰ বুকুত জাহ গৈছে। ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ নথিপত্ৰ আৰক্ষী চকী খনৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে। যিকোনো মুহূৰ্তত আৰক্ষী চকীখন নদীৰ বুকুত জাহ যাব পাৰে বুলি আশংকা কৰা হৈছে।

ঘটনাক লৈ মানকাচৰ থানাৰ আৰক্ষী বিষয়া, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া কালাপানী আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইফালে কালাপানী দিয়াৰা সংযোগী পথৰ ওপৰত থকা কালো বাঁহৰ সাঁকো এখন যিকোনো মুহূৰ্তত পানীৰ ধলে উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। একাংশ লোক এতিয়াও এই বাঁহৰ সাঁকোয়েদি বিপদসংকুল যাতায়ত চলাই থকা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : বাঘজান কাণ্ড : ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়

বানৰ কবলত পৰি কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে যদিও জিলা প্ৰশাসনৰ তথা জিলা কৃষি বিভাগৰ ফালৰ পৰা পৰিস্থিতি বুজ লবলৈ কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আগন্তক দিনত বৰষুণৰ মাত্ৰা বৃদ্ধি পালে মানকাচৰৰ শতাধিক গাঁও বানৰ কবলত পৰাৰ সম্ভানবা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply