নিউজ ডেস্কঃ মানস অভয়াৰণ্যত বন বিভাগে উদ্ধাৰ কৰিছে বাঘৰ লগতে অন্য জীৱ-জন্তুৰ দেহৰ অংগ। শনিবাৰে পুৱা প্ৰায় ৯.২০ বজাত মানস টাইগাৰ ৰিজাৰ্ভৰ পানবাৰী ৰেঞ্জত অভিযান চলাই বাঘৰ অংগসমূহত উদ্ধাৰ কৰা হয়।
ফৰেষ্ট ৰেঞ্জ বিষয়া ৰজী বৰ্মনৰ নেতৃত্বত চলোৱা এই অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। যুৱকজনৰ পৰা উদ্ধাৰ কৰা হৈছে বাঘৰ চাল, দাঁত, হাঁড় আদি।
জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা ২৫ বছৰীয়া যুৱকজনৰ নাম অনছুমা খেৰকাটাৰী। চিৰাঙৰ পানবাৰীৰ খীৰগুৰি গাঁৱৰ ৰমেশ খেৰকাটাৰীৰ পুত্ৰ অনছুমা খেৰকাটাৰী।