নিউজ ডেস্কঃ পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ছেপ্তেম্বৰৰ মাহৰ প্ৰথম সপ্তাহতেই মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে৷

পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ পৰ্যটন ক্ষেত্ৰসমূহক নতুন ৰূপ দিয়া হ’ব বুলি উল্লেখ কৰে।

লগতে পঢ়কঃধনশিৰি নদীৰ খহনীয়াৰ কালৰূপ!ত্ৰস্তমান ৰাইজ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীপলাইন আৰু ক্ৰকোডাইল পাৰ্ক স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় ইতিমধ্যে এই সংক্ৰান্তত ভাৰত চৰকাৰলৈ প্ৰ’পজেল পঠোৱা হৈছে৷ দুই এমাহৰ ভিতৰতে এইয়া সম্ভৱ হৈ উঠিব৷

যিটো মানাহৰ পৰ্যটকৰ বাবে এক সুখবৰ হিচাপে বিবেচিত হোৱাৰ উপৰিও ই মানাহৰ শোভা বৰ্দ্ধন কৰিব৷ 

আনহাতে, ৰাইম’নাকে ধৰি বিটিআৰৰ আন আন পৰ্যটনক্ষেত্ৰসমূহো ছেপ্তেম্বৰ মাহৰ ভিতৰতেই মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply