শিক্ষকৰ কৰ্মবিৰতিত এইদৰে ছাত্ৰ ছাত্ৰী বাহিৰতেই বহি কটাই

মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তবর্তী একমাত্ৰ মহাবিদ্যালয় হ’ল মানকাচৰ মহাবিদ্যালয়। মহাবিদ্যালয় খনত যোৱা এবছৰ ধৰি অধ্যক্ষ প্ৰদীপ কুমাৰ মহাপাত্ৰৰ লগত মহাবিদ্যালয় খনৰে কিছু সংখ্যক শিক্ষাৰ্থী সংঘাতত লিপ্ত হৈ মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ কলুষিত কৰি তুলিছে।


শেহতীয়াকৈ মহাবিদ্যালয় খনৰ এগৰাকী ছাত্রীক অধ্যক্ষ গৰাকীয়ে বেয়া ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি একাংশ শিক্ষাৰ্থীয়ে এক লংকা কাণ্ড সংঘটিত কৰে।

অধ্যক্ষ প্ৰদীপ চন্দ্ৰ মহাপাত্ৰই মহাবিদ্যালয়ৰ খনৰ একাংশ শিক্ষাৰ্থীয়ে ক্লাছ নকৰাকৈ অনাই বনাই ঘূৰি থকা প্ৰত্যক্ষ কৰি ছাত্ৰীগৰাকীক শাসন কৰাৰ বাবেই শিক্ষাৰ্থী একাংশই ক্ষুব্ধ হৈ পৰিছিল। ছাত্ৰ ছাত্ৰীসকলে অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও কৰি এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰি কাৰ্যালয়ৰ খিৰিকীৰ গ্লাচ ভাঙি তছনছ কৰে।


এই ঘটনাক লৈ একাংশ সংবাদমাধ্যমে অধ্যক্ষ গৰকীৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া গুণ গৰিমা ধুলিৎসাত কৰাৰ অভিযোগ কৰে শিক্ষকসকলে।

ইয়াৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয় খনৰ শিক্ষক গোটে উক্ত ঘটনা সন্দৰ্ভত ছয় দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰি সংশ্লিষ্ট বিভাগ,জিলা উপায়ুক্ত লৈ প্ৰেৰণ কৰিছে।আজি উক্ত ঘটনা সন্দৰ্ভত মহাবিদ্যালয় খনৰ অধ্যক্ষ আৰু শিক্ষা গোটৰ সম্পাদকে ছাত্ৰ ছাত্ৰী সকলৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে।

শিক্ষক গোটৰ সভাত উশৃংখল ছাত্ৰ ছাত্ৰীয়ে কলেজৰ সামগ্ৰী নষ্ট কৰা কাৰ্যত গৰিহনা দিয়াৰ লগতে ক্ষমা নোখোজা পৰ্যন্ত শ্ৰেণী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

লগতে পঢ়ক- ধলপুৰ ভাগৱত নামঘৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

অধ্যক্ষক তেওলোকৰ বিৰুদ্ধে আইনগত ব্যবস্থা লবলৈ কৰ্তৃত্ব দিয়ে। শিক্ষক সকলে শংকাত ভোগাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্তৰ লগতে উৰ্ধতম কৰ্তৃপক্ষকো অবগত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা শিক্ষক গোটৰ ফালৰ পৰা অবগত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply