মানকাচাৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী ফৰিদুল ইছলামৰ মৃতদেহ চমজি নলয় বাংলাদেশে।
তিনি দিন ধৰি মৃতদেহটো ৰখা হৈছে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত।
অৱশেষত আজি মৃতদেহটো হাটশিঙিমাৰী কৱৰস্থানত কবৰস্থ কৰা হ’ব।
লগতে পঢ়কঃহত্যাকাৰী কৰায়ত্ত: বলাৎকাৰ কৰি নাবালকে হত্যা কৰিছিল কণমানি শিশুক
ইতিমধ্যে ইয়াৰ বাবে বি এছ এফ আৰু আৰক্ষীয়ে সকলো ব্যৱস্থা কৰিছে।
ইতিমধ্যে বাংলাদেশৰ সৈতে বি এছ এফৰ ফালৰ পৰা BGB ক অৱগত কৰা হৈছিল কিন্তু তেওঁলোকে মৃতদেহ চমজি লোৱাত অস্বীকাৰ কৰিছে।
৭২ ঘণ্টা অপেক্ষাৰ পাছতো তেওঁলোক মৃতদেহ চমজি নোলোৱাত আজি ভাৰততে কবৰ দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।