মানকাচাৰঃ মানকাচৰৰ পুৰাণদিয়াৰা তেলিপাৰাত ৩.৬৬ কোটি টকীয়া আৱন্টনেৰে নিৰ্মাণ হোৱা ৰাস্তা নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হাটশিঙিমাৰী-মানকাচৰ পথৰ পৰা তেলিপাৰাৰ উৰামাৰী গাঁৱলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ, দলং আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে গুৱাহাটীৰ মটৰীয়াৰ বাসিন্ধা অমিনুৰ ৰহমান নামৰ বিভাগীয় ঠিকাদাৰ জনক ৩.৬৬ কোটি টকীয়া কামৰ দায়িত্ব দিয়ে। ৩.৬৬ কোটি টকীয়া এই কামৰ বাবে ঠিকাদাৰ জনে চৰম দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে চি চি ব্লকৰ ডেৰ কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত মাত্ৰ ডেৰ ইঞ্চি জি এছ বি আৰু শিল দি ওপৰত চি চি ব্লক বহুৱাইছে। ফলত কাম সম্পূৰ্ণ কৰাৰ আগতেই ঠায়ে ঠায়ে পথটো বেয়া হৈ যাবলৈ ধৰিছে।
লগতে পঢ়কঃযাত্ৰীবাহী নাৱৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
এই কামৰ সঠিক তদন্তৰ বাবে দুদিন পূৰ্বে গাঁৱবাসীয়ে একত্ৰিত হৈ পথ নিৰ্মাণত হোৱা দুৰ্নীতি সন্দৰ্ভত উদঙাই দিছিল। একাংশ সংবাদমাধ্যমত ঠিকাদাৰৰ দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই বিভাগীয় ঠিকাদাৰ অমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা এজনে গাঁৱবাসীৰ বিৰুদ্ধে কামত বাধা দিয়াৰ অভিযোগ তুলি মানকাচৰ থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ পাছতেই আজি পুনৰ গাঁৱবাসী একত্ৰিত হৈ উত্তাল প্ৰতিবাদ কৰে। সঠিক ভাবে কাম কৰিবলৈ ৰাইজে দাবী তোলাৰ লগতে আজি জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।